Lyrics

অ' অ' অ' আধা খোলা ফটো খনি চাই ওৰে নিশা টোপনি মোৰ নাই Mobile On কৰি ঘনাই চাওঁ খুলি কিজানিবা মন মোৰ জুৰাই!! আধা খোলা ফটো খনি চাই সীমা আৰু নাযাবা চেৰাই আধাতেই বাধা তাতেই হে মজা হেঁপাহ বোৰ আছে যে লুকাই!! বেলিও আনিম তৰাও বুটলিম তোমালৈ জান তোমালৈ পাহাৰো বগাম সাগৰ সাঁতুৰিম তোমাৰ হৈ জান তোমাৰ হৈ বেলি নহলেও তৰা নাথাকিলেও লাগে মৰম সঁচা হৃদয়ৰ বেলি নহলেও তৰা নাথাকিলেও লাগে মৰম সঁচা হৃদয়ৰ ৰাধা হ'বা মই হ'ম কানাই মৰম বিলাম আমি দুজনাই বাঁহীৰ মাত শুনি নিজকে পাহৰি মনে তাতে থাকিব জিৰাই!! অ' অ' অ' মৰম ও যাঁচিম সপোনবোৰ ৰচিম তোমালৈ জান তোমালৈ আশাবোৰ সিঁচিম ওৰে জীৱন থাকিম তোমাৰ হৈ জান তোমাৰ হৈ মনে মিলিলে দুখনি হিয়াৰে বাধা দিয়ে কোনে আমাক ঐ মনে মিলিলে দুখনি হিয়াৰে বাধা দিয়ে কোনে আমাক ঐ বাধা দিলে মা দেউতাই বুজাম মই কাষত বহুৱাই মৰমে ৰাখিব সুখেৰে খুৱাব থাকিম সুখৰ পঁজাটি সজাই!!!
Writer(s): Debesh Roy Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out