Συντελεστές

PERFORMING ARTISTS
Bhupen Hazarika
Bhupen Hazarika
Performer
COMPOSITION & LYRICS
Bhupen Hazarika
Bhupen Hazarika
Songwriter

Στίχοι

মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
আশা কৰোঁ মোৰ চিতাৰ কাষত
তোমাৰ সঁহাৰি পাম
নালাগে মোৰ সোঁৱৰণী সভা
নালাগে মিছা নাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
সমূহৰ বাবে গীত গাই গাই
তোমাক পাহৰি গ'লোঁ
সেয়েহে হ'বলা ভৰ জীৱনতে
তোমাকো হেৰুৱালোঁ
এই ক্ষোভে মোক দহিছে আজিও
শান্তি ক'তেনো পাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
মোৰ জীৱনৰ সংগ্ৰামখিনি
ফঁহিয়াই চালে পাম
মোৰ জীৱনৰ সংগ্ৰামখিনি
ফঁহিয়াই চালে পাম
তুমি নিদিয়া মৰমখিনিতে
আছিল সৰগী ধাম
এই সৰগী ধামখনি মই
তোমাৰ বুকুতে পাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
Written by: Bhupen Hazarika
instagramSharePathic_arrow_out

Loading...