Συντελεστές
PERFORMING ARTISTS
Bhupen Hazarika
Performer
COMPOSITION & LYRICS
Nirmal Prabha Bordoloi
Songwriter
Στίχοι
মই এই মাটিৰে ল'ৰা
হৈছিলো অঘৰী
মাটিৰ মোহ এৰি
দিছিলো ভাওনাৰ চং
আই মই কৰিছো পন
আকালৰ জুইতে পোৰা
ৰঙা মাটিৰ
গুচামেই গেৰুৱা ৰং
দ' হওক বাম হওক মাটি
যদি উতাকৰীয়া মাটি
দুদৰা দুবিঘা যি আছে হাতত
তাতে মই কৰি যাম খেতি
অ' মোৰে পথাৰ আই
এদিনো নপৰে ছন
এদিনো নপৰে ছন
হুৰ হুৰ বটা চৰাই
হুৰ হুৰ বটা চৰাই
মোৰে আইৰ পথাৰত
যদি আহি পৰে
অচিনা বটা চৰাই
অচিনা বটা চৰাই
সাহেৰে দিমে হুৰ.ৰ.ৰ.ৰাই
সাহেৰে দিমে হুৰ.ৰ.ৰ.ৰাই
যোৰ পুৰি পুৰি পালেহি যে হাত
যোৰ পুৰি পুৰি পালেহি যে হাত
ইবেলি বান্ধিছো মন
ইবেলি বান্ধিছো মন
মই এই মাটিৰে ল'ৰা
হৈছিলো অঘৰী
মাটিৰ মোহ এৰি
দিছিলো ভাওনাৰ চং
Written by: Bhupen Hazarika, Nirmal Prabha Bordoloi

