album cover
Rumaal
3155
Indian
Rumaal è stato pubblicato il 22 settembre 2018 da N.K. Production come parte dell'album Rumaal
album cover
AlbumRumaal
Data di uscita22 settembre 2018
EtichettaN.K. Production
Melodicità
Acousticità
Valence
Ballabilità
Energia
BPM115

Video musicale

Video musicale

Testi

একবিংশ শতিকাৰ প্ৰেম-কাহিনী
ৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙনি
একবিংশ শতিকাৰ মোৰ কাহিনী
ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী
ৰুমালৰ ভাঁজে-ভাঁজে দুখৰে বিননি
ৰুমালত কাহিনী, ৰুমালত জীৱনী
ৰুমালত হুমুনিয়াহ, ৰুমালত উচুপনি
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
সেই কোন কাহানিত দেখা এযুৰি কাজল-চকু!
মনত পৰিলে আজিও শোকে খুন্দে বুকু
কৃষ্ণচূড়াৰ তলত স্কুলৰ দুপৰীয়া
ক্লাছৰ ফাঁকে-ফাঁকে কতনো উমাল কথা!
লুটিয়াই চালে জীৱনী পাওঁ মাথোঁ
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
শীতৰে সেমেকা এটি আবেলি আছে মনত
হঠাতে কাৰোবাক এৰি অহাৰ বেদনা প্ৰাণত
সিক্ত চকুৰ কাজল, অধৰত বিষাদ কোমল
আঁজলি ভৰাই ল'লোঁ সপোন চিকুণ-কোমল
এসাগৰ মৰম নিগৰা সেই ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
একবিংশ শতিকাৰ প্ৰেম-কাহিনী
ৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙনি
একবিংশ শতিকাৰ মোৰ কাহিনী
ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী
ৰুমালৰ ভাঁজে-ভাঁজে দুখৰে বিননি
ৰুমালত কাহিনী, ৰুমালত জীৱনী
ৰুমালত হুমুনিয়াহ, ৰুমালত উচুপনি
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
Written by: Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...