ミュージックビデオ

ミュージックビデオ

クレジット

PERFORMING ARTISTS
Kaysee
Kaysee
Performer
Basshole
Basshole
Performer
COMPOSITION & LYRICS
Kabyashree Bora
Kabyashree Bora
Songwriter
Swaraj Priyo Bora
Swaraj Priyo Bora
Songwriter
PRODUCTION & ENGINEERING
Basshole
Basshole
Producer

歌詞

সূতাৰে নহয় চিলোৱা জীৱন
জীৱন শিলে সজা
শিলুৱা পিঠিত আঁকি মোহাৰি
লিখিলোঁ কত বেথা
মনতে সাঁচিলো মনৰ কাহিনী
কোৱা শুনাতো নহ'ল
কাষৰ মানুহো অচিনাকি হৈ
লাহে লাহে আঁৰ হ'ল
দুখ আওৰাই
শোক মেৰিয়াই
ভুল লেখি লেখি যাওঁ
এইপাৰে নৈৰ
হেৰোৱা হেঁপাহ
সিপাৰে যদিহে পাওঁ
কোঢ়াল মনত পানী খচকি
মনে মনে দুভৰি লুকাবলে যায়
দুভৰিৰ তলত আঘাত এমুঠি
চাপি-কুছি নীৰৱে থাকে জীয়াই
নাঁতৰে ভয় আকুল হৃদয়
নিচুকনিকে গাওঁ
পাহৰে হয় তাকৰ সময়
উভতি দুখকে পাওঁ
বোজাৰে জীৱন কেনেকৈ উজাই
নৈৰ সতে বিবাদ
পাল তৰি ব'ঠা মাৰি
সাজো যুঁজৰ বাট
এমোন সাহত দুমোন সপোন
দেখা বুজাতো নহ'ল
কাষৰ মানুহো অচিনাকি হৈ
লাহে লাহে আঁৰ হ'ল
দুখ আওৰাই
শোক মেৰিয়াই
ভুল লেখি লেখি যাওঁ
এইপাৰে নৈৰ
হেৰোৱা হেঁপাহ
সিপাৰে যদিহে পাওঁ
Written by: Kabyashree Bora, Swaraj Priyo Bora
instagramSharePathic_arrow_out

Loading...