album cover
Debonarayan
album cover
Debonarayan은(는) {albumName} 앨범에 수록된 곡으로 2026년 8월 30일일에 Anupom Bitupon에서 발매되었습니다.Debonarayan - Single
2026년 8월 30일
라벨Anupom Bitupon
BPM145
멜로디에 강한 음악
어쿠스틱 악기 중심
발랑스
춤추기 좋은 음악
에너지

가사

শিলা বৃষ্টি ধাৰাষাৰে
গগনে গৰজে ঘনে
জন্ম লৈলে নৰ ৰূপে দেৱ নাৰায়ণে
গুৰুম গুৰুম মাৰে মেঘৰে গাজনি
কংসৰ কাৰাগেৰে কেচুঁৱাৰ বিননি
এনে দিব্য ৰূপ শিশু আগে দেখা নাই মনাই
ৰ' লাগি বসুদেৱে পুত্ৰক আছে চাই
পুত্ৰক সাবতি কান্দে আই দৈৱকী
অভাগীৰ গৰ্ভে কেলৈ জনম ললি
পুৱাতেই মাৰিব তোক কংস মামাই মনাই
কিমাননো সহিব দুখ দুখুনি হিয়াই
শিশু ৰূপ এৰি শংখ চক্ৰ ধৰি
বসুদেৱক দেখা দিলে শ্ৰীহৰি
যোৱা শীঘ্ৰে গকুললৈ নকৰিবা দুখ মনাই
নন্দৰ কন্যাৰ সতে সলাই আনা মোক মনাই
অ যোগমায়া তুমি গকুললৈ যোৱা যোগমায়া
তুমি গকুললৈ যোৱা
গকুলত নন্দৰ ঘৰে তুমি জনম লোৱা যোগমায়া
তুমি গকুললৈ যোৱা
মোক আনি পিতাই তোমাক নিবহি সলাই
যোগমায়া তোমাক নিবহি সলাই
অষ্টম পুত্ৰ বুলি তোমাক বধিব মামাই
যোগমায়া তুমি দিব সকীয়াই
দুষ্টক দমিবলৈ সন্তক পালিবলৈ অ...
হৰিবলৈ ভূমিৰ ভাৰ
কংসৰ কাৰাগাৰে দৈৱকীৰ উদৰে
কৃষ্ণ ৰূপে ভৈলা অৱতাৰ
Written by: Pankaj Bora
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...