Credits
PERFORMING ARTISTS
Maitrayee Patar
Performer
COMPOSITION & LYRICS
Maitrayee Patar
Songwriter
Anshuraj Kashyap
Composer
Naibedya Nath
Arranger
PRODUCTION & ENGINEERING
Maitrayee Patar
Producer
Songteksten
চুই চাই চমকি
থমকি ৰওঁ তোমাত
মেঘ মন গৰজি
বৰষি বয় তোমাত
আখৰ লিখে জীৱনে
ধূলিৰ আৰণি জোকাৰি
ক'ত আছিল অতদিন
সোণালী মোৰ প্ৰভাত
সৰি পৰা পাখি এটা
দিনৰ কবিতা গঠা
জিৰালে প্ৰাণ বলুকাত
ঘূৰি আহোঁ এই বাটে
গধূলিৰে ঘাটে ঘাটে
স্নেহতৰা জ্বলি উঠে তোমাত
দেশে দিশে আন্ধাৰ মচি
আশা হৈ মন-জোনাকী
পাহ মেলে চকুতে তোমাৰ
আখৰ লিখে জীৱনে
ধূলিৰ আৰণি জোকাৰি
ক'ত আছিল অতদিন
সোণালী মোৰ প্ৰভাত
চুই চাই চমকি
থমকি ৰওঁ তোমাত
মেঘ মন গৰজি
বৰষি বয় তোমাত
দুহাতৰে মুঠি খুলি
পাহৰা দিঠকে যদি
জোকাৰে মন আকৌ এবাৰ
লুকুৱাই জোনাক বিহগী
নিৰাশাৰে মেঘে যদি
ভৰি উঠে তৰালি আকাশ
ঘূৰি আহোঁ এই বাটে
গধূলিৰে ঘাটে ঘাটে
স্নেহতৰা জ্বলি উঠে তোমাত
আখৰ লিখে জীৱনে
ধূলিৰ আৰণি জোকাৰি
ক'ত আছিল অতদিন
সোণালী মোৰ প্ৰভাত
চুই চাই চমকি
থমকি ৰওঁ তোমাত
মেঘ মন গৰজি
বৰষি বয় তোমাত
Written by: Anshuraj Kashyap, Maitrayee Patar

