album cover
Been Boragi
album cover
Been Boragi was released on December 1, 2000 by Saregama as a part of the album Been Boragi
December 1, 2000
BPM173
Melodicness
Acousticness
Valence
Danceability
Energy

Lyrics

বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
সমীৰণে তানে তানে
আগলি বাতৰি আনে
সমীৰণে তানে তানে
আগলি বাতৰি আনে
চ'ত আহি পালে বুলি বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী
ৰঙে ৰঙে দশোদিশ উপচাই গ'ল
গছে গছে কপৌ ফুল ফুলিবৰ হ'ল
ৰঙে ৰঙে দশোদিশ উপচাই গ'ল
গছে গছে কপৌ ফুল ফুলিবৰ হ'ল
গোন্ধৰ সঁফুৰা খুলি বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী
চা সৌ কুঁহিপাত কৰে লৰচৰ
হেৰ' তুলি ধৰ তোৰ বীণ তুলি ধৰ
চা সৌ কুঁহিপাত কৰে লৰচৰ
হেৰ' তুলি ধৰ তোৰ বীণ তুলি ধৰ
তাঁৰে তাঁৰে লাগি তোৰ আঁঙুলি বোলন
সুৰে সুৰে খেলি য'ত সুৰৰ দোলন
তাঁৰে তাঁৰে লাগি তোৰ আঁঙুলি বোলন
সুৰে সুৰে খেলি য'ত সুৰৰ দোলন
পৰাণ উঠক তুলি বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
সমীৰণে তানে তানে
আগলি বাতৰি আনে
সমীৰণে তানে তানে
আগলি বাতৰি আনে
চ'ত আহি পালে বুলি বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
বীণ বৰাগী তোৰ বীণখনি ল' তুলি
Written by: Parvati Prasad Baruva
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...