Music Video
Music Video
Credits
PERFORMING ARTISTS
Bhupen Hazarika
Performer
COMPOSITION & LYRICS
Bhupen Hazarika
Songwriter
Lyrics
মই যেন আজীৱন
উৰণীয়া মৌ
জিৰাবৰ নাই তৰু-তৃণ
মই যেন আজীৱন
উৰণীয়া মৌ
জিৰাবৰ নাই তৰু তৃণ
জিৰণীয়া মৌ দেখি
ভাবোঁ একোদিন
মই কিয় ঠিকনাবিহীন
ঠিকনাবিহীন
কত ৰস চুহিলোঁ
অভিজাত কুসুমৰ
বনফুলে যাচিলে
ভঁৰাল ৰসৰ
তিতা ৰসো গোটালোঁ
মিঠা বুলি
তোমাৰ ৰূপৰ ৰস
তুলনাবিহীন, তুলনাবিহীন
মই বাৰু উৰণীয়া মৌৱেই হ'লোঁ
মোৰ জানো জিৰাবৰ নাই অধিকাৰ
জিৰণি লওঁ যদি তোমাৰ তৃণত
নেজানো ক্ষতি কি হয় কাৰোবাৰ
এদিন কৈছিলাঁ মোৰ হ'বা শেষ ঠিকনা
সঁচা নকৰিলা সেই কল্পনা
সঞ্চিত মৌ ধৰাত ছটিয়াই
উৰি উৰি হৈ যাম
জ্যোতিতে বিলীন, জ্যোতিতে বিলীন
মই যেন আজীৱন
উৰণীয়া মৌ
জিৰাবৰ নাই তৰু-তৃণ
জিৰণীয়া মৌ দেখি
ভাবোঁ একোদিন
মই কিয় ঠিকনাবিহীন
ঠিকনাবিহীন
Written by: Bhupen Hazarika