album cover
Rumaal
2,687
Regional Indian
Rumaal was released on September 22, 2018 by N.K. Production as a part of the album Rumaal
album cover
AlbumRumaal
Release DateSeptember 22, 2018
LabelN.K. Production
Melodicness
Acousticness
Valence
Danceability
Energy
BPM115

Music Video

Music Video

Credits

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Performer
COMPOSITION & LYRICS
Zubeen Garg
Zubeen Garg
Composer
PRODUCTION & ENGINEERING
NK PRODUCTION
NK PRODUCTION
Producer

Lyrics

একবিংশ শতিকাৰ প্ৰেম-কাহিনী
ৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙনি
একবিংশ শতিকাৰ মোৰ কাহিনী
ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী
ৰুমালৰ ভাঁজে-ভাঁজে দুখৰে বিননি
ৰুমালত কাহিনী, ৰুমালত জীৱনী
ৰুমালত হুমুনিয়াহ, ৰুমালত উচুপনি
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
সেই কোন কাহানিত দেখা এযুৰি কাজল-চকু!
মনত পৰিলে আজিও শোকে খুন্দে বুকু
কৃষ্ণচূড়াৰ তলত স্কুলৰ দুপৰীয়া
ক্লাছৰ ফাঁকে-ফাঁকে কতনো উমাল কথা!
লুটিয়াই চালে জীৱনী পাওঁ মাথোঁ
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
শীতৰে সেমেকা এটি আবেলি আছে মনত
হঠাতে কাৰোবাক এৰি অহাৰ বেদনা প্ৰাণত
সিক্ত চকুৰ কাজল, অধৰত বিষাদ কোমল
আঁজলি ভৰাই ল'লোঁ সপোন চিকুণ-কোমল
এসাগৰ মৰম নিগৰা সেই ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
একবিংশ শতিকাৰ প্ৰেম-কাহিনী
ৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙনি
একবিংশ শতিকাৰ মোৰ কাহিনী
ৰুমালৰে সাঁচতে স্মৃতি হৈ মৰমী
ৰুমালৰ ভাঁজে-ভাঁজে দুখৰে বিননি
ৰুমালত কাহিনী, ৰুমালত জীৱনী
ৰুমালত হুমুনিয়াহ, ৰুমালত উচুপনি
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
এখন ৰঙা ৰুমাল
ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল
আজিৰ শেঁতা ৰুমাল
Written by: Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...