Lyrics

ছুবলে' মন কুঁহিপাহিভৰা চাবলে' মন মুক্ত নীলা আকাশ সেমেকা দুচকুতে হাঁহিৰ প্ৰভাৱ সুৰে আনে শুভ্ৰ মিঠা সুবাস ছুবলে' মন কুঁহিপাহিভৰা চাবলে' মন মুক্ত নীলা আকাশ সেমেকা দুচকুতে হাঁহিৰ প্ৰভাৱ সুৰে আনে শুভ্ৰ মিঠা সুবাস সমীৰে আহি ক'লে- "মোক চোৱাঁহি" এচেৰেঙা ৰ'দ সোণালী সোঁৱৰণি মোৰ শেৱালি মোৰ স্বপ্নৰ মেঘৰঞ্জনি চাবলে' মন জোনাক তৰাভৰা শুনিবৰ মন ৰাতিৰ নীৰৱতা শাৰদী সন্ধিয়াৰ সাধুকথা ঘূৰাই আনে স্মৃতিৰ সুৰনিজৰা চাবলে' মন জোনাক তৰাভৰা শুনিবৰ মন ৰাতিৰ নীৰৱতা শাৰদী সন্ধিয়াৰ সাধুকথা ঘূৰাই আনে স্মৃতিৰ সুৰনিজৰা সমীৰে আহি ক'লে- "মোক চোৱাঁহি" এচেৰেঙা ৰ'দ সোণালী সোঁৱৰণি মোৰ শেৱালি মোৰ স্বপ্নৰ মেঘৰঞ্জনি
Writer(s): Dipalee Saikia Gogoi Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out