album cover
Puhor
6
Assamese
Puhor was released on September 6, 2021 by Meetup Music as a part of the album Puhor - Single
album cover
Release DateSeptember 6, 2021
LabelMeetup Music
Melodicness
Acousticness
Valence
Danceability
Energy
BPM87

Credits

PERFORMING ARTISTS
Taz Akhtar
Taz Akhtar
Performer
Rup
Rup
Performer
Prandeep Bora
Prandeep Bora
Performer
COMPOSITION & LYRICS
Prandeep Bora
Prandeep Bora
Songwriter

Lyrics

জোনাকে পোহৰালে আজি মোৰ উকা মন
প্ৰভাতী সূৰুযে ছটিয়ালেহি চন্দন
নিঠৰুৱা সময়ত আশাৰ ৰেঙনি বয়
ৰণচণ্ডী হোৱা তুমি ৰণ কৰি যোৱা আমৰণ
তোৰ জীৱনতো আছে পোহৰ
সপোন খেদি কৰি ল' নিজৰ
তোৰ জীৱনতো আছে পোহৰ
সপোন খেদি কৰি ল' নিজৰ
জীৱনৰ যাত্ৰাত মই হলো যাত্ৰী
সংগ্ৰাম চলাই আহিছো মই দিন ৰাত্ৰী
বেয়া পালে মোক কোনেও নামাতিবি
গছত উঠাই কিন্তু গুৰি নাকাতিবি
ধুমুহা নেওচি আগবাঢ়ি যাম মই
আগভেটা দিয়া বোৰক ভাল দৰে চাম মই
সাহসেৰে বগাম মই উন্নতিৰ জখলা
জপিয়াই জাম মই নুখুলিলে নঙলা
লোকক নাচাবা চোন লোকে কি কৰিছে
আনে কি ক'ব সবেই তাকেইটো ধৰিছে
ঘৰৰ মানুহে কৈছে পঢ় তই ইঞ্জিনিয়াৰ
ফেইল কৰি লৰা-ছোৱালী আত্মহত্যাত মৰিছে
সময় থাকোতেই নিজক শুধৰাই ল'
অন্ধকাৰ পৃথিৱীখন সুখেৰে পোহৰাই ল'
দুখৰ বৰষুণত নিতিতিবলে সাহসৰ ছাতি ল'
অকলশৰীয়া অনুভৱ হলে মাৰক চিঞৰি মাটি ল'
তোৰ জীৱনতো আছে পোহৰ
সপোন খেদি কৰি ল' নিজৰ
তোৰ জীৱনতো আছে পোহৰ
সপোন খেদি কৰি ল' নিজৰ
ভয় নকৰিবি আছে ভগৱানৰ হাত
লোকৰ ৰাস্তাত নাযাবি নিজে বনা বাট
হাৰিও হাৰ নামানিবি মনুষ্য হয় তই
মানুহৰ জীৱনত থাকে ঘাট্ -প্ৰতিঘাট্
নিজেই নিজক তই ভাল দৰে বুজি ল
তই বাৰু কোন হয় নিজকেই শুধি ল'
সেইটোকে কৰ তই য'ত আছে মন
সুখী হ' লাগিলে কম হ'ব ধন
ক্লান্ত সময় আজি মোৰ অপৰিসীম
ক্ষণ গণা মোৰ সময় মই ধৰি ৰাখিম
মাৰ্কশ্বীটৰ নম্বৰত নহয় প্ৰতিযোগিতা
জ্ঞান নহ'লে সফলতাত অসুবিধা
জগত জিনিবা তুমি কৰি যোৱা সাধনা
সপোন পূৰণ হওক তাৰ কৰা কামনা
নিজেই নিজৰ পথ কৰি লোৱা সন্ধান
কাম কৰি যোৱা আশা নকৰিবা গুণ-গান
জোনাকে পোহৰালে আজি মোৰ উকা মন
প্ৰভাতী সুৰুযে ছটিয়ালেহি চন্দন
নিঠৰুৱা সময়ত আশাৰ ৰেঙণী বয়
ৰণচণ্ডী হোৱা তুমি ৰণ কৰি যোৱা আমৰণ
Written by: Prandeep Bora
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...