album cover
SENI
303
Hip-Hop
SENI was released on July 21, 2021 by Shopolo Digital Pvt. Ltd. as a part of the album SENI - Single
album cover
Release DateJuly 21, 2021
LabelShopolo Digital Pvt. Ltd.
Melodicness
Acousticness
Valence
Danceability
Energy
BPM111

Credits

PERFORMING ARTISTS
Kool-D
Kool-D
Performer
COMPOSITION & LYRICS
Hamazik
Hamazik
Composer
Kool-D
Kool-D
Lyrics

Lyrics

কোনে খালে চেনি আৰু কোনে গুড় খালে?
পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে
খোৱা-বোৱা পিচত হ'ব, চোৱাঁ অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে
কোনে খালে চেনি আৰু কোনে গুড় খালে?
পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে
খোৱা-বোৱা পিচত হ'ব, চোৱাঁ অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে
ধোঁৱা-ধোঁৱা চাৰিওফালে, কোনে খালে cigarette?
সৰু সৰু মাইনা আজি hostel-ত liberate
হাঁওফাঁওত জুই লাগিল, হাত দাঙিল liver-এ
খাওঁ খাওঁ বুলি ভাবি পানী পৰিল জিভাৰে
সিপাৰে সি আছে ৰঙানদী-পাৰত
জুই ফুঁৱাই হাত-ভৰি ৰঙা পৰিল জাৰত
মাঁয়ে আহি চৰ দিলে ৰঙা কৰি গালত
মদ খাই ল'ৰা বোলে ধৰা পৰিল bar-ত
মাইনা main, তাইৰ cool cool life
Social media-ত লাগে দুৰ্ঘোৰ fight
খেতি নকৰে সি কোৰ-চোৰ বাই
So what? তাৰ choice, তাৰ ভুল-চুল নাই
মাইনা main, তাইৰ cool cool life
Social media-ত লাগে দুৰ্ঘোৰ fight
খেতি নকৰে সি কোৰ-চোৰ বাই
So what? তাৰ choice, তাৰ ভুল-চুল নাই
বাকী ল'লে গিলাচত, উঠিলে বুৰ্-বুৰণি
এক ঢোক খাই পেলাই কথা দূৰ-দূৰণিৰ
কথা তোৰ-মোৰ, কথাবোৰ পুৰণি
পিচদিনা শুই উঠি হ'ল মূৰ-ঘূৰণি
বাকী ল'লে গিলাচত, উঠিলে বুৰ্-বুৰণি
এক ঢোক খাই পেলাই কথা দূৰ-দূৰণিৰ
কথা তোৰ-মোৰ, কথাবোৰ পুৰণি
পিচদিনা শুই উঠি হ'ল মূৰ-ঘূৰণি
হঠাৎ ভাঙিল টোপনি যে নোট পৰিৱৰ্তন
খিৰিকীৰে মূতি দিলে, মূত পৰিল মৰ্ত্যত
ধাঁই-ধুঁই bike চলায়, যুগ পৰিৱৰ্তন
ৰঙা-নীলা চুলি বোলে look পৰিৱৰ্তন
ভঙা ভঙা চাইকেলত half paddle, ল'ৰালি
ৰঙা-বগা চোলা আৰু half jacket, খৰালি
লাঙিজালত ঢোঁৰা-সাপ, ক'ত পলাল বৰালি?
বিচাৰচোন, বিচাৰচোন, বিচাৰ
কিনো কৰি আছ! লগা অলপ ঠেলা-হেঁচা
বাঃ কি সুগন্ধ! চৌপাশে গেলা-পচা
গেলি থকা সমাজখন চাফ-চিকুণ কৰিবলে
ক'ৰ পৰানো উঠি আহে, মানুহবিলাক এলা-পেচা
ফালি ফালি packet-টো পেলাই দে (পেলাই দে)
দেশ-জাতি ৰসাতলে, তয়ো অলপ গেলাই দে
বাঢ়ি আছে population জেগাকণ নুজুৰিলে সবে মিলি পকাতে ঢেলাই দে
নিজকে অলপমান ফাঁকি দে বোপাই
দেখিও চকুটো ঢাকি দে বোপাই
ভাল হ'ব পৰীক্ষা, চিন্তা কিয় কৰিছ?
গৈ পেলাই মন্দিৰত চাকি দে বোপাই
নিজকে অলপমান ফাঁকি দে বোপাই
দেখিও চকুটো ঢাকি দে বোপাই
ভাল হ'ব পৰীক্ষা, চিন্তা কিয় কৰিছ?
গৈ পেলাই মন্দিৰত চাকি দে বোপাই
কাম-বন নাই, পৰি আছোঁ, ধূৰ্ত
এলাহতে পাৰ হয় প্ৰতিটো মুহূৰ্ত
সামাজিক মাধ্যমত সমাজখন হেৰালে
ভাল চিন্তাৰ নাই শুংসূত্ৰ
কাম-বন নাই, পৰি আছোঁ, ধূৰ্ত
এলাহতে পাৰ হয় প্ৰতিটো মুহূৰ্ত
আহি কৰিলে চব লণ্ডভণ্ড
হ'ল নিচা চাগে' খাই গো-মূত্ৰ
কোনে খালে চেনি আৰু কোনে গুড় খালে?
পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে
খোৱা-বোৱা পিচত হ'ব, চোৱাঁ অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে
কোনে খালে চেনি আৰু কোনে গুড় খালে?
পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে
খোৱা-বোৱা পিচত হ'ব, চোৱাঁ অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে
Written by: Hamazik, Kool-D
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...