album cover
Aalfule
album cover
Aalfule was released on September 1, 2018 by N.K. Production as a part of the album Golden Collection Of Zubeen, Vol. I
ReleasedSeptember 1, 2018
LabelN.K. Production
BPM97
Melodicness
Acousticness
Valence
Danceability
Energy

Lyrics

আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে
কিনো আবেগতে
এনে বহাগতে
মোৰ মন পদুলিতে
কোনে ৰিঙি মাৰে
আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে
জুমি জুমি চা
দূৰণিলে
মই আছো ৰৈ
বিহুতলীতে
আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে
বিহুযে উৰুঙা
মন ৰায় যায়
যোৱাটো বিহুৰে পৰা
তোকে দেখা নাই
বিহুযে উৰুঙা
মন ৰায় যায়
যোৱাটো বিহুৰে পৰা
তোকে দেখা নাই
সাজি কাচি নাচি বাগি
আহিলো ওলাই
পথাৰতে থাকিবি ৰৈ
ঢোলেটি বজায়
আছো ঢোলে বায়
তইহে শুনা নাই
আছো ঢোলে বায়
তইহে শুনা নাই
আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে
জিৰি জিৰি বতাহে
কলিজা কপায়
মন হ'ল উৰণীয়া
উৰি উৰি যায়
জিৰি জিৰি বতাহে
কলিজা কপায়
মন হ'ল উৰণীয়া
উৰি উৰি যায়
যোৰ পাতি উৰি গ'ল
এহালি চৰাই
চিনাকী সুৰতে এটি
মিঠা গীত গাই
ভাল লাগি যায়
তাকে চাই চাই
ভাল লাগি যায়
তাকে চাই চাই
আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে
কিনো আবেগতে
এনে বহাগতে
মোৰ মন পদুলিতে
কোনে ৰিঙি মাৰে
জুমি জুমি চা
দূৰণিলে
মই আছো ৰৈ
বিহুতলীতে
আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে
Written by: Zubeen Garg
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...