album cover
Tumi
2,131
Electronic
Tumi was released on June 7, 2021 by EAHB / Abhilekh as a part of the album Tumi - Single
album cover
Release DateJune 7, 2021
LabelEAHB / Abhilekh
Melodicness
Acousticness
Valence
Danceability
Energy
BPM84

Music Video

Music Video

Credits

Lyrics

তুমি প্ৰহেলিকা, ঐ
বৰ্ণময়, মায়াময়
বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি
নীলিম আকাশৰ শূন্যতাত তুমি
নীলিম আকাশৰ শূন্যতাত তুমি
ৰ'দৰ পিঠিত তুমি
বৰষাৰ চিঠিত তুমি
ফুলৰ স্নিগ্ধতাত তুমি
বুকুৰ স্পন্দনত তুমি যে তুমি
তুমি প্ৰহেলিকা, ঐ
বৰ্ণময়, মায়াময়
ক্লান্ত পখীৰ ডেউকাত ওলমি
ভাগৰুৱা সময়ৰ বুৰঞ্জী লিখি
পথৰুৱা আবেলি
আশ্ৰয়-আঁচল মেলি থাকাঁ
মোলৈ ৰৈ তুমি
এন্ধাৰত তুমি
জোনাকত তুমি
বতাহত তুমি
সুবাসত তুমি যে তুমি, অ'
তুমি প্ৰহেলিকা, ঐ
বৰ্ণময়, মায়াময়
পুৱাৰ কিৰণৰ চিক্-মিকনি
অ', উজলি উঠে তোমাৰ গালদুখনি
ওঁঠত নিগৰে কোমল হাঁহি
শুনি পাওঁ তোমাৰ গীতৰ গুণ্-গুণনি
তুমি প্ৰহেলিকা, ঐ
বৰ্ণময়, মায়াময়
বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি
নীলিম আকাশৰ শূন্যতাত তুমি
নীলিম আকাশৰ শূন্যতাত তুমি
Written by: Dipankar Rajkhowa
instagramSharePathic_arrow_out􀆄 copy􀐅􀋲

Loading...