Müzik Videosu

Müzik Videosu

Krediler

PERFORMING ARTISTS
Bhupen Hazarika
Bhupen Hazarika
Performer
COMPOSITION & LYRICS
Bhupen Hazarika
Bhupen Hazarika
Songwriter

Şarkı sözleri

অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
অসমী আই ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস-ৰাতি
গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস-ৰাতি
অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি
অ', চিৰ-বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
ব'হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
ব'হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে লখিমী আদৰে
শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ
অ', ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
পাহাৰ-ভৈয়াম একে কৰা ৰামধনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন-সেঁতু গঢ়ে
লোহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ
লোহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ
জন্ম ল'লোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ
অ', জন্ম ল'লোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ
পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ!
ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য্য উঠা দেশ
অসমী আই ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
অসমী আই ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
Written by: Bhupen Hazarika
instagramSharePathic_arrow_out

Loading...