音乐视频
音乐视频
制作
出演艺人
Abhi Saikia
领唱
Arindam Gohain
领唱
作曲和作词
Rulee Gohain
词曲作者
Ranjan Gohain
词曲作者
制作和工程
Abhi Saikia
制作人
歌词
আকাশৰ তৰা লিখি
হেজাৰ সপোন ৰচা
আশা আৰু নিৰাশাৰ
নদীতে হেৰাই যোৱা
জীৱনৰ এই জটিলতাত
থমকি ৰওঁ বাৰে বাৰে
সপোনেও দিঠকতে
ভূমুকিয়ায় চকুলোৰে
নালাগে, নাহিবি
সোঁৱৰণি মোৰ নুফুৰোঁ আৰু বিচাৰি
জীৱনে কি দিলে আৰু কি নিদিলে
নাথাকোঁ অতীত সাৱটি
যাম আজি আগুৱাই পোহৰ ধিয়াই
জীৱনৰ পদে-পলে সপোন জীয়াই
খোজেপ্ৰতি দেখোন
অলেখ উজুটি খালোঁ
পোহৰৰ এই বাটতে
হতাশা হাততে পালোঁ
ক'লা মেঘে আৱৰে
সপোনৰ এই বাটচ'ৰা
মনফুলনিৰ আশাৰ
ফুলপাহি সৰি পৰা
নালাগে, নাহিবি
সোঁৱৰণি মোৰ নুফুৰোঁ আৰু বিচাৰি
জীৱনে কি দিলে আৰু কি নিদিলে
নাথাকোঁ অতীত সাৱটি
যাম আজি আগুৱাই পোহৰ ধিয়াই
জীৱনৰ পদে-পলে সপোন জীয়াই
দুহাত মেলি পোহৰ সাৱটি
নামিল সপোন সোণালী
আনিলোঁ সময়ৰ গতিক আঁজুৰি
দিগন্তক বিচাৰি
নালাগে, নাহিবি
সোঁৱৰণি মোৰ নুফুৰোঁ আৰু বিচাৰি
জীৱনে কি দিলে আৰু কি নিদিলে
নাথাকোঁ অতীত সাৱটি
যাম আজি আগুৱাই পোহৰ ধিয়াই
জীৱনৰ পদে-পলে সপোন জীয়াই
Written by: Ranjan Gohain, Rulee Gohain