積分
演出藝人
Karan Das
演出者
Amarendra Kalita
演出者
Koushik Sarma
演出者
詞曲
Karan Das
作曲
Koushik Sarma
作詞
Barasha Rani Kakati
作詞
歌詞
অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰী নিশাত তোমাৰেই আগমন
জোনাকী আকাশত ওমলে এই মন
অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰী নিশাত তোমাৰেই আগমন
জোনাকী আকাশত ওমলে এই মন
শৰতৰ প্ৰতিটো সন্ধিয়াত
তোমাৰেই নাচোন
তোমাৰ হাঁহিতেই জীপাল
এহেজাৰ সপোন
তুমি শৰতৰ অচিনাকি সুৰ
বিয়পি যায় বহুদূৰ-সুদূৰ
তোমাৰেই নাচোন
এহেজাৰ সপোন
তোমাৰেই নাচোন
এহেজাৰ সপোন
দশোদিশে বিয়পি উভতিবাঁ
হিয়াতে থিতাপি ল'বলৈ
শুনাচোন ৰোৱাঁ কিছু সময়
আছে বহুকথা ক'বলৈ
কিছু কথা প্ৰেমৰ ভাষাৰ
সাঁচি থোৱা বহু আগৰে পৰা
অনুমতি হ'লে তোমাৰ
উটি যাব মোৰ মনৰে পৰা
শৰতৰ প্ৰতিটো সন্ধিয়াত
তোমাৰেই নাচোন
তোমাৰ হাঁহিতেই জীপাল
এহেজাৰ সপোন
অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰী নিশাত তোমাৰেই আগমন
জোনাকী আকাশত ওমলে এই মন
Written by: Barasha Rani Kakati, Karan Das, Koushik Sarma