Credits
PERFORMING ARTISTS
Tanmoy Saikia
Performer
STANNiUM
Performer
COMPOSITION & LYRICS
Tanmoy Saikia
Lyrics
Songtexte
সময় যায়, ৰখে মাথোঁ স্মৃতিবোৰ
আমনি কৰিছে মোৰে দেহাত
আশে-পাশে মাথোঁ এতিয়া তুমি
ৰঙা চকুত ওৰে নিশা
কিয় কৰি গ'লা মোক দিশহাৰা?
মিছা কথা দি আঁজুৰি অনিছিলা মোক প্ৰেমৰ মায়াত
এনে নুদুষিবাঁ মোৰ ভালপোৱাক
নকৰিবাঁ মিছা অপমান
আজি তুমি কাষত নহ'লে
বাৰে-বাৰে হিয়াই উচুপে
কিয় কৰি গ'লা কাহিনী আধৰুৱা?
নাহিবাঁ উভতি আকৌ এবাৰ
কান্দিব নোৱাৰোঁ প্ৰতিবাৰ
তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই
চিৰজীৱনৰ কথা দিছিলা
ক'তেনো হেৰালা তুমি?
দিন-পোহৰৰে নাই মোৰ খবৰ
চাৰিওপিনে আছে এন্ধাৰ ৰখি
একুৰা জ্বলন্ত জুই বুকুত জ্বলি উঠিছে
পুৰি নিলে তোমাৰ প্ৰতি থকা মৰম
সান্তনাহীন বুকুত আজি ৰণৰ অনুৰণ
আৰুনো কিমান সহিম আজি!
হেৰাওঁ নিজক
কিয় কৰি গ'লা মোক দিশহাৰা?
মিছা কথা দি আঁজুৰি অনিছিলা মোক প্ৰেমৰ মায়াত
এনে নুদুষিবাঁ মোৰ ভালপোৱাক
নকৰিবাঁ মিছা অপমান
আজি তুমি কাষত নহ'লে
বাৰে-বাৰে হিয়াই উচুপে
কিয় কৰি গ'লা কাহিনী আধৰুৱা?
নাহিবাঁ উভতি আকৌ এবাৰ
কান্দিব নোৱাৰোঁ প্ৰতিবাৰ
তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই
Written by: Tanmoy Saikia

