Credits
PERFORMING ARTISTS
Aswekeepsearching
Performer
COMPOSITION & LYRICS
Shankuraj Konwar
Songwriter
Uddipan
Composer
Sambit Chatterjee
Composer
Robert Alex
Composer
Lyrics
মুক্ত মনে গতিহীনতা অৱৰুধি
ৰাতিৰ এন্ধাৰ খেপিয়াই বিচাৰি যাই পোহৰ
বিচাৰে পোহৰ
ক্ষুদ্ৰ জীৱ আমি হেপাহো অবিনাশী
নিয়তিৰে কালচক্ৰত হেৰুৱা সাঁথৰ
হেৰুৱা সাঁথৰ
হে অৱতাৰ যত হাঁহাকাৰ
কৰা অৱসান দিয়া পৰিত্ৰাণ
ধুমুহাৰ গান বাৰিষাৰ বান
দিয়া ঢালি প্ৰাণ অগ্নিবীণাৰ
হে অৱতাৰ
কক্ষ পথে ভ্ৰমি পৃথিৱী অনুগামী
তুমি ৰচি দিয়া সৃ্ষ্ট- জগতৰ সুৰৰ
জগতৰ সুৰত
উচ্চ- নীচ ভেদী মানৱী অনুভূতি
প্ৰসাৰিত হওঁক তোমাৰেনো চৰণত
সেৱা চৰণত
হে অৱতাৰ যত হাঁহাকাৰ
(তুমি পোহৰ তুমি সাঁথৰ অবাধে)
(কৰা জীপাল সৰা টোপাল চকুৰে)
কৰা অৱসান দিয়া পৰিত্ৰাণ
(মুক্ত মনে বিচাৰি পালে
উওৰ হেজাৰ তোমাৰ চৰণতে)
ধুমুহাৰ গান বাৰিষাৰ বান
(তুমি পোহৰ তুমি সাঁথৰ অবাধে)
(কৰা জীপাল সৰা টোপাল চকুৰে)
দিয়া ঢালি প্ৰাণ অগ্নিবীণাৰ
(মুক্ত মনে বিচাৰি পালে
উওৰ হেজাৰ তোমাৰ চৰণতে)
হে অৱতাৰ...
ব্ৰহ্মা আদি কৰি জীৱ যত
ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই
তুমিসে চৈতন্য সনাতন
ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই
হে অৱতাৰ যত হাঁহাকাৰ
(তুমি পোহৰ তুমি সাঁথৰ অবাধে)
(কৰা জীপাল সৰা টোপাল চকুৰে)
কৰা অৱসান দিয়া পৰিত্ৰাণ
(মুক্ত মনে বিচাৰি পালে
উওৰ হেজাৰ তোমাৰ চৰণতে)
ধুমুহাৰ গান বাৰিষাৰ বান
(তুমি পোহৰ তুমি সাঁথৰ অবাধে)
(কৰা জীপাল সৰা টোপাল চকুৰে)
দিয়া ঢালি প্ৰাণ অগ্নিবীণাৰ
(মুক্ত মনে বিচাৰি পালে
উওৰ হেজাৰ তোমাৰ চৰণতে)
হে অৱতাৰ...
Written by: Robert Alex, Sambit Chatterjee, Shankuraj Konwar, Uddipan, Uddipan Sarmah

